মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

আমাৰ ইতিহাস

  • অসমৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে থকা সঞ্চালকালয়খন ১৯৭৬ চনত প্ৰতিষ্ঠা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে অসমৰ ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়ৰ বিভিন্ন খণ্ডত যেনে শিক্ষা, আন্তঃগাঠনি, আয় বৃদ্ধি আদিৰ হকে কাম কৰা। সঞ্চালকালয়ে পিছপৰা খণ্ডৰ মানুহৰ প্ৰয়োজনীয়তাখিনি চৰকাৰক অৱগত কৰি সূচল কৰিবলৈ মাধ্যম হিচাপে কাম কৰে আৰু লগে লগে এনে চৰকাৰী অনুদানসমূহ ইয়াৰ বিভিন্ন অধীনস্থ কাৰ্যালয়, পৰিষদ, সন্থা আদিৰ সহায়ত কাৰ্যকৰীকৰণ কৰে।

    ভৈয়ামৰ বিভিন্ন জিলাত অৱস্থিত অধস্তন কাৰ্যালয়সমূহৰ সহায়ত সঞ্চালকালয়ে কাৰ্য সম্পাদন কৰে। এই অধস্তন কাৰ্যালয়সমূহৰ ২২টা হৈছে সংহত জনজাতি উন্নয়ন প্ৰকল্প কাৰ্যালয় আৰু প্ৰকল্প সঞ্চালক হৈছে ইয়াৰ মুৰব্বী আৰু ৫০টা হৈছে মহকুমা কল্যাণ কাৰ্যালয় আৰু ইয়াৰ মুৰব্বী হৈছে মহকুমা কল্যাণ বিষয়া।