জনজাতীয় উপ-পৰিকল্পনা হৈছে কেন্দ্ৰই নিৰ্ধাৰণ কৰা এক আঁচনি। অসমৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ অনুসূচীত জনজাতি(ভৈয়াম)ৰ পৰিয়ালক সাঙুৰি সেই পৰিয়াল বোৰৰ উপাৰ্জন বৃদ্ধিৰ বাবে পৰিয়াল কেন্দ্ৰীক উপাৰ্জন সৃষ্টি আঁচনি(এফ.ও.আই.জি.এছ.) ৰূপায়ন কৰা হয় আৰু ইয়াৰ অধীনত হিতাধিকাৰী সকলক উপাৰ্জন বৃদ্ধি অথবা তেঁওলোকৰ আত্ম নিয়োগৰ বাবে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ২৫,০০০/- টকাৰ অনুদানো আগবঢ়োৱা হয়। এই আঁচনিৰ জৰিয়তে জনজাতীয় লোক সকলৰ মাজত আত্ম নিয়োগৰ সুবিধা সৃষ্টি কৰি দৰিদ্ৰতা আতৰ কৰাৰ এক প্ৰয়াস কৰা হৈছে। উক্ত আঁচনিৰ অধীনত ভাৰত চৰকাৰে অনুসূচীত জাতিৰ লোকসকলৰ বাবে বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য হিচাপে এশ শতাংশ অনুদান সাহাৰ্য্য হিচাপে পুঁজি আগবঢ়াই।
Title | Size | Detail |
---|---|---|
SCA to TSP | 1.21 MB | ![]() |