এই আঁচনিখন হৈছে (আদিম জনজাতি গোষ্ঠীকে ধৰি) অনুসূচীত জনজাতিৰ ল’ৰা আৰু ছোৱালীৰ বাবে প্ৰযোজ্য। এই সাল-সলনিখিনিৰ প্ৰাথমিক উদ্দেশ্য হৈ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদিত বহল-ভিত্তিত ভৰ্তি হৈ আধৰুৱাকৈ শিক্ষা সমাপ্ত কৰা অনুসূচীত জনজাতিৰ ছাত্ৰীৰ হাৰ কমাবলৈ ছাত্ৰ-নিবাস নিৰ্মাণ কাৰ্য হাতত লোৱা সন্থাসমূহক আকৰ্ষিত কৰা।
ক্ৰমিক নং |
আৱাসৰ নাম
|
১. | কামৰূপ, কেন্দ্ৰীয় ছাত্ৰী নিৱাস, গুৱাহাটী
|
২ | কন্যা মহাবিদ্যালয়, কোকৰাঝাৰ
|
৩ | কুমাৰীকাটা মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, বাক্সা
|
৪ | ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, ধেমাজি
|
৫ | ওদালগুৰি মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, ওদালগুৰি
|
৬ | অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, গুৱাহাটী বিশ্ববিদ্যালয়, (কোকৰাঝাৰ চৌহদ)
|
৭ | অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, সোণাপুৰ মহাবিদ্যালয়
|
৮ | অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
|
৯ | অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰাৱাস, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
|
১০ | অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰাৱাস, গুৱাহাটী বিশ্ববিদ্যালয়, (কোকৰাঝাৰ চৌহদ)
|
অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ/ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণৰ বাবে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনিখন অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই থকা সমস্যাটোৰ মিলা-মিছা কৰাৰ বাবে ১৯৯৮-৯৯ চনৰ পৰা কাৰ্যকৰীকৰণ কৰা আৰম্ভ হয়। প্ৰায়ে গাঁও অঞ্চলৰ পৰা অহা ছাত্ৰ, বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীটোৰ ছাত্ৰখিনিয়ে ওচৰত মাধ্যমিক স্তৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় নথকাৰ বাবে আৰু তেনে বিদ্যালয় থকা অঞ্চলত যুক্তিযুক্ত খৰচত চলিব পৰা ছাত্ৰাৱাস নথকাৰ বাবে পঢ়া-শুনা এৰিব লগা হয়। সেইবাবে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বিশেষকৈ গাঁও অঞ্চল আৰু ভিতৰুৱা অঞ্চল আৰু দুখীয়া পৰিয়ালৰ পৰা অহা ছাত্ৰখিনিৰ পঢ়া-শুনা চলাই যাব পৰাকৈ সুবিধাৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে।
আঁচনিখন ২০১৪-১৫ চনৰ পৰা পুনৰীক্ষণ কৰা হৈছে। পুনৰীক্ষণ কৰা আঁচনিখনৰ নিৰ্দেশাৱলী তলত দিয়া হল।
এই আঁচনিখনে সামাজিক আৰু শিক্ষা-দিক্ষাত পিছপৰা শ্ৰেণী, বিশেষকৈ গাঁও অঞ্চলৰ পৰা অহা ছাত্ৰখিনিক মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে পঢ়া-শুনাৰ সুবিধা হোৱাকৈ ছাত্ৰাৱাসৰ সুবিধা কৰি দিয়াই উদ্দেশ্য।
২০১৪-১৫ চনত পুনৰীক্ষণ হোৱাৰ পিছত আঁচনিখনৰ নিম্নোক্ত ব্যৱস্থাসমূহ হল:-
(ক) উত্তৰ পূৰ্বাঞ্চল – প্ৰতি আসনত ৩.৫০ লাখ টকা।
(খ) হিমালয় অঞ্চল – প্ৰতি আসনত ৩.২৫ লাখ টকা
(গ) দেশৰ বাকী অঞ্চল – প্ৰতি আসনত ৩.০০ লাখ টকা
বা সেই ৰাজ্য চৰকাৰৰ নিৰিখৰ তালিকা মতে যিটোই নিম্ন মানৰ হয়।
১। ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসন
২। আইন প্ৰণয়নৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা স্বায়ত্ত শাসিত প্ৰতিষ্ঠান বা সন্থা (যেনে- কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আই.আই.টি. এন.আই.টি ইত্যাদি) বা ৰেজিষ্ট্ৰেচন অব চ’ছাইটীজ এক্ট, ১৮৬০ৰ অধীনৰ সন্থা বা তেনেকুৱা,
(৩) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ উন্নয়নৰ আঁচনিসমূহ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত সুকলমে কাৰ্যকৰী কৰা তথ্য সম্বলিত সুপ্ৰতিষ্ঠিত বেচৰকাৰী অনুষ্ঠানসমূহ। এই অনুষ্ঠানসমূহে এই আঁচনিৰ অধীনত অনুদান পাবলৈ হলে আবেদন কৰা সময়ত দুবছৰলৈ পঞ্জীয়ন কৰা হব লাগিব।
১। এতিয়ালৈ সামৰি নোলোৱা অঞ্চল/জিলা
২। বহু সংখ্যক শিক্ষানুষ্ঠান থকা জিলা/চহৰ
এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা ছাত্ৰাৱাসৰ আসনত ভৰ্তি হবলৈ ছাত্ৰজনৰ নিম্নোক্ত যোগ্যতাসমূহ থাকিব লাগিব:-
সাহায্যৰ বাবে মুকলি কৰি দিয়া অনুদানসমূহৰ চৰ্তাৱলী এনেকুৱা হব:-
ক্ৰমিক নং | ছাত্ৰাৱাসৰ নাম |
১ | এল.অ’.কে.ডি. মহাবিদ্যালয় ছাত্ৰী নিৱাস, ঢেকিয়াজুলি
|
২ | জে.ডি.এছ.জি. মহাবিদ্যালয় ছাত্ৰী নিৱাস, বোকাঘাট, জিলা – গোলাঘাট
|
৩ | সৰুপথাৰ মহাবিদ্যালয়, ধনশিৰি ছাত্ৰাৱাস, জিলা- গোলাঘাট
|
৪ | শ্বহীদ কুশল কোঁৱৰ কন্যা মহাবিদ্যালয়, সৰুপথাৰ
|
৫ | বঙাইগাঁও মহাবিদ্যালয়, জিলা- বঙাইগাঁও (ছাত্ৰ)
|
৬ | মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ জিলা- লখিমপুৰ (ছাত্ৰ)
|
৭ | টিহু মহাবিদ্যালয়, টিহু, জিলা- নলবাৰী (ছাত্ৰ)
|