মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

আদৰ্শ গাঁও

অসম চৰকাৰে ২০১৭-১৮বৰ্ষত ৰাজ্যৰ অনুসূটীত জনজাতি অধ্যুষিত অঞ্চলৰ মুঠ ১২খন গাঁৱক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম্য যোজনাৰ পৰামৰ্শাৱলী অনুসৰি অগ্ৰাধিকাৰ/স্বাক্ষৰ প্ৰকল্পৰ অধীনত আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে বাজেট আৱণ্টন কৰিছে। প্ৰতিখন গাঁও ৰূপান্তৰকৰণৰ বাবদ ৫০০লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে যদিও ২০১৭-১৮বৰ্ষত মুঠ ১২০০লাখ টকা আৱণ্টিত কৰে (গাঁৱে প্ৰতি ১০০লাখ টকাকৈ)।

আদৰ্শ গাঁও স্থাপনৰ উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হল:

  • দুৰ্দশাগ্ৰস্ত গাঁওবাসীৰ চহৰমুখী প্ৰৱজন ৰোধ কৰা, যি ভাৰতৰ প্ৰায় সকলো গাঁৱৰ ক্ষেত্ৰত দেখা দিয়া এক সাধাৰণ পৰিঘটনা। এই প্ৰৱজনৰ মূল কাৰণ হৈছে গাঁও সমূহত এক সুস্থ আৰু সৱল জীৱন যাপনৰ বাবে থকা সুবিধাৰ অভাৱ।
  • আদৰ্শ গাঁও খনক এক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা যি উক্ত আদৰ্শ গাঁৱৰ আশে-পাশে থকা আন আন গাঁও সমূহৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত সহায়ক হব পাৰে।
  • এই আদৰ্শ গাঁও সমূহত উত্পাদন হোৱা কৃষিজাত সামগ্ৰী বা ইয়াৰ অন্যান্য বজাৰযোগ্য সামগ্ৰী সমূহক নগৰৰ বজাৰ সমূহলৈ কঢ়িয়াই নিবৰ বাবে সহজ, দ্ৰুত আৰু কম খৰচি প্ৰবেশকৰণৰ ব্যৱস্থা কৰা।
  • গাঁৱৰ উন্নয়নৰ কাৰ্য্যত সকলো সম্প্ৰদায়ৰ লোককে জড়িত কৰি সামাজিক সৱলীকৰণৰ দিশত অৰিহণা যোগোৱা।
  • সন্মিলিত আৰু দ্ৰুত উন্নয়নৰ বাবে এক সহযোগিতাৰ সংস্কৃতি গঢ়ি তোলা আৰু ইয়াক বৰ্তাই ৰখা।

আদৰ্শ গাঁও স্থাপনৰ বাবে তলত উল্লেখ কৰা পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাব গ্ৰহণ কৰা হৈছে:

বহনক্ষমতা

জড়িত পৰিমাণ

 

উন্নত স্বাস্থ্য – গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান

১২৫.০০  লাখ টকা

বাস্তৱ আৰু তীক্ষ্ণ শিক্ষা

১২৫.০০  লাখ টকা

 

সকলো অংশীদাৰৰ বাবে আৱাস নিৰ্মাণ আৰু জীৱিকাৰ বাবে দক্ষতা বৰ্ধন

১২৫.০০  লাখ টকা

বিশুদ্ধ খোৱা পানী আৰু সঠিক স্বাস্থ্যব্যৱস্থা

১২৫.০০  লাখ টকা

 

পাৰিপাৰ্শ্বিক বহনক্ষমতা

১২৫.০০  লাখ টকা

 

সমূদায় জড়িতকৰণ

জড়িত পৰিমাণ

 

গাঁও উন্নয়নৰ বাবে পৰিকল্পনা

১২৫.০০  লাখ টকা

 

নিৰ্বাচিত প্ৰতিনিধিক সক্ৰিয় ভাৱে জড়িত কৰি পৰিকল্পনাৰ বাবে সম্পদ আহৰণ কৰা

১২৫.০০  লাখ টকা

 

দায়বদ্ধতা বৃদ্ধি কৰিবলৈ চৰকাৰী পুঁজি ব্যৱহাৰৰ পৰ্য্যবেক্ষণ কৰা

১২৫.০০  লাখ টকা

 

ব্যক্তিগত আৰু সমুহীয়া আচৰণক প্ৰভাৱিত কৰা

১২৫.০০  লাখ টকা

 

প্ৰযুক্তি

জড়িত পৰিমাণ

 

চৰকাৰী সেৱা বিতৰণ কৰা

১২৫.০০  লাখ টকা

 

কৃষকৰ সাহাৰ্য্যাৰ্থে আই.চি.টি. আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ

১২৫.০০  লাখ টকা

 

সম্পদ মানচিত্ৰকৰণৰ বাবে ৰিমট চেন্সিং আৰু বৰ্তি থকা সমলৰ সঠিক ব্যৱহাৰ কৰা

১২৫.০০  লাখ টকা

 

ভূমি অভিলেখৰ আধুনিকীকৰণ কৰা

১২৫.০০  লাখ টকা

 

পি.ডি.এছ., বীমা, পেঞ্চন আদিৰ দৰে সেৱা সমূহক সঠিক ভাৱে লক্ষ্য কৰি লবৰ বাবে বায়মেট্ৰিক্সৰ ব্যৱস্থা

১২৫.০০  লাখ টকা

 

সংযোগ ব্যৱস্থা

জড়িত পৰিমাণ

 

নগৰ আৰু অন্যান্য অঞ্চল সমূহৰ সৈতে পথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ স্থাপন কৰা

১২৫.০০  লাখ টকা

 

সহজ আৰু কম খৰচি যাতায়াতৰ ব্যৱস্থা কৰা

১২৫.০০  লাখ টকা

 

ডিজিটেল সংযোগ আৰু মোবাইল সংযোগ স্থাপন কৰা

১২৫.০০  লাখ টকা

 

অফ-গ্ৰীড নৱীকৰণযুক্ত উত্সৰ জৰিয়তে শক্তি সংযোগ বৃদ্ধি কৰা

১২৫.০০  লাখ টকা

 

অৰ্থনৈতিক সংযোগ

১২৫.০০  লাখ টকা

 

আদৰ্শ গাঁও সমূহ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান সমূহ তলত উল্লেখ কৰা হল:

ক্ৰমিক নং

স্থান

 

ডিব্ৰু চৈখোৱা

 

বৰাক উপত্যকা

 

কাজিৰঙা

 

মাৰ্ঘেৰিটা

 

চানডুবি

 

গোলাঘাট

 

গহপুৰ

 

উল্টাপানী

 

বাক্সা

 

১০

মাজুলী

 

১১

বাকা, উত্তৰ গুৱাহাটী

 

১২

মৰিগাঁও