মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

ল’ৰা আৰু ছোৱালীৰ বাবে আৱাস নিৰ্মাণ

অনুসূচীত জনজাতিৰ ল'ৰা আৰু ছোৱালীৰ বাবে আৱাস নিৰ্মাণ

এই আঁচনিখন হৈছে (আদিম জনজাতি গোষ্ঠীকে ধৰি) অনুসূচীত জনজাতিৰ ল’ৰা আৰু ছোৱালীৰ বাবে প্ৰযোজ্য। এই সাল-সলনিখিনিৰ প্ৰাথমিক উদ্দেশ্য হৈ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদিত বহল-ভিত্তিত ভৰ্তি হৈ আধৰুৱাকৈ শিক্ষা সমাপ্ত কৰা অনুসূচীত জনজাতিৰ ছাত্ৰীৰ হাৰ কমাবলৈ ছাত্ৰ-নিবাস নিৰ্মাণ কাৰ্য হাতত লোৱা সন্থাসমূহক আকৰ্ষিত কৰা।

  • সংবিধানৰ ১৬নং অনুচ্ছেদ অনুসৰি সমাজৰ সকলো অংশৰ মানুহৰ লগত বঞ্চিত জনগোষ্ঠীৰ মানুহখিনিকো আৰ্থ-সামাজিক দিশত সকলোখিনি সুবিধাৰে সমানে ভাগ দিয়াবলৈ কেন্দ্ৰীয় চৰকাৰক বিশেষ ব্যৱস্থা হাতত লবলৈ সংবিধানে ক্ষমতা প্ৰদান কৰিছে। যিকোনো ধৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে শিক্ষাই হৈছে মূল ভেটি। অনুসূচীত জনজাতিৰ শিক্ষাই এটা কথাই প্ৰতীয়মান কৰি বোধগম্য হব যে ইয়ে তেওঁলোকক সামাজিক, মৰ্যদা উন্নীত কৰিব আৰু নিয়োগ আৰু আন আন অৰ্থনৈতিক দিশত আহি থকা সুবিধাসমূহ গ্ৰহণ কৰিব পৰাৰ জোখাৰে সুক্ষ্ম বিচাৰ বুদ্ধিৰ উন্মেষ ঘটাব।
  • যিটো ক্ষেত্ৰত নিৰক্ষৰতাই হৈছে গোটেই দেশতে জাতি, ধৰ্ম, অঞ্চল আৰু তেনে সীমনা ভেদ কৰি যোৱা এক সাধাৰণ সমস্যা, তেনে ক্ষেত্ৰত অনুসূচীত জনজাতিৰ জীৱন আৰু সামাজিক মৰ্যদাৰ ক্ষেত্ৰত ক্ষেত্ৰত ই চকুত পৰা বিধৰ আৰু জাতীয় জীৱনত ই প্ৰকট হৈ পৰিছে। অনুসূচীত জনজাতিৰ মহিলাসকলে এই ক্ষেত্ৰত ত্ৰিকোণ সমস্যাত ভূগি আছে, অনুসূচীত জনজাতি বুলি, মহিলা বুলি আৰু অল্প শিক্ষিত সামাজিক খণ্ডৰ বুলি।
  • এনেদৰে অনুসূচীত জনজাতিৰ ছাত্ৰীৰ বাবে আৱাস সাজোতে বৰ্তমান আৱাস সজোৱা আঁচনিৰ সামান্য সালসলনি কৰাৰ বাবে আগতীয়াকৈ বিবেচনা কৰা প্ৰয়োজন হৈছে যাতে ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰৰ আৰু বিশ্ববিদ্যালয়ৰ মাধ্যমেদি তেওঁলোকৰ বাবে শৈক্ষিক আন্তঃগাঁথনিৰ আশা কৰা ধৰণে দ্ৰুত বৃদ্ধি হয়।
  • বৰ্তমানৰ আৱাস সজোৱাৰ আঁচনিখনৰ লক্ষ্য হৈছে আনন্দময়, ঘৰুৱা সমস্যাৰ পৰা মুক্ত হৈ অধ্যয়ন কৰা ছাত্ৰখিনিয়ে আধাতে শিক্ষাৰ সমাপ্ত নকৰাকৈ বাধাহীনভাৱে শিক্ষাৰ পৰিৱেশ উপভোগ কৰাৰ বাবে ৰাজ্যিক চৰকাৰে কৰা চেষ্টাৰ সহযোগ কৰা। এনেকুৱা ধৰণৰ আৱাস গ্ৰাম্য আৰু দূৰৰ পৰা অহা অনূসূচিত জনজাতিৰ ছাত্ৰবিলাকৰ বাবে বৰ দৰকাৰী।
  • অনুসূচীত জনজাতিৰ ছাত্ৰীসকলৰ আৱাসৰ বাবে থকা আঁচনিখন তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে অনুসূচীত জনজাতিৰ ছাত্ৰসকলৰ আৱাসৰ আঁচনিখন ১৯৮৯-৯০ চনৰ পৰা আৰম্ভ হয়। দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা দুয়োখন আঁচনি একেলগ কৰি এখন আঁচনি কৰা হয়।

আৱাসৰ অৱস্থান আৰু সুবিধা

  • কোনো ঠাইত যদি অনুসূচীত জনজাতিৰ লোকৰ ঘন বসতি থাকে, তেন্তে তেনে ঠাইৰ ওচৰে পাজৰে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ ওচৰত এই আঁচনিৰ অধীনত ছাত্ৰ/ছাত্ৰীৰ আৱাস সাজিব লাগে। তদুপৰি এই আঁচনিৰ অধীনত কোনো প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ অংশ হিচাপে বা তেনে অনুষ্ঠানৰ ওচৰত আৱাস সজাবলৈ অনুমোদন দিয়া হয়। ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে সুষমাৱে পৰিচালনা কৰা কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰসমূহ থকা জনজাতীয় অঞ্চলত আৱাসসমূহ প্ৰতিষ্ঠা কৰিব পাৰি।
  • এই আঁচনিৰ অধীনত আৱাসসমূহ মধ্য উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্তৰৰ তদুপৰি কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে আৱাস প্ৰতিষ্ঠা কৰিব পাৰি।
  • আৱাসটো সীমাৰ দেৱাল, আৱাসৰ অধীক্ষকৰ বাবে দুটা কোঠা, এটা ৰন্ধনশালা, এটা প্ৰসাধন কোঠা, এটা জিৰণী কোঠা আৰু এটা চকীদাৰৰ কোঠাৰে সৈতে এটা আৱাসৰ বাবে এখন আঁচনি হব পাৰে।
  • আৱাসটো পৰিচালনাৰ বাবে খা-খৰচখিনি কাৰ্যকৰী কৰা সংস্থাটোৱে নিজৰ পুঁজিৰ পৰা খৰচ কৰিব পাৰে।

নিৰ্মাণ কৰা আৱাসৰ তালিকা

ক্ৰমিক নং

                                     

 আৱাসৰ নাম

 

১.

কামৰূপ, কেন্দ্ৰীয় ছাত্ৰী নিৱাস, গুৱাহাটী

 

কন্যা মহাবিদ্যালয়, কোকৰাঝাৰ

 

কুমাৰীকাটা মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, বাক্সা

 

ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, ধেমাজি

 

ওদালগুৰি মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস, ওদালগুৰি

 

অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, গুৱাহাটী বিশ্ববিদ্যালয়, (কোকৰাঝাৰ চৌহদ)

 

অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, সোণাপুৰ মহাবিদ্যালয়

 

অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰী নিৱাস, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়

 

অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰাৱাস, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়

 

১০

অনুসূচীত জনজাতি (ভৈয়াম) ছাত্ৰাৱাস, গুৱাহাটী বিশ্ববিদ্যালয়, (কোকৰাঝাৰ চৌহদ)

 

 

অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ/ছাত্ৰীনিৱাস নিৰ্মাণ

পটভূমি

অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ/ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণৰ বাবে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনিখন অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই থকা সমস্যাটোৰ মিলা-মিছা কৰাৰ বাবে ১৯৯৮-৯৯ চনৰ পৰা কাৰ্যকৰীকৰণ কৰা আৰম্ভ হয়। প্ৰায়ে গাঁও অঞ্চলৰ পৰা অহা ছাত্ৰ, বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীটোৰ ছাত্ৰখিনিয়ে ওচৰত মাধ্যমিক স্তৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় নথকাৰ বাবে আৰু তেনে বিদ্যালয় থকা অঞ্চলত যুক্তিযুক্ত খৰচত চলিব পৰা ছাত্ৰাৱাস নথকাৰ বাবে পঢ়া-শুনা এৰিব লগা হয়। সেইবাবে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বিশেষকৈ গাঁও অঞ্চল আৰু ভিতৰুৱা অঞ্চল আৰু দুখীয়া পৰিয়ালৰ পৰা অহা ছাত্ৰখিনিৰ পঢ়া-শুনা চলাই যাব পৰাকৈ সুবিধাৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছে।

আঁচনিখন ২০১৪-১৫ চনৰ পৰা পুনৰীক্ষণ কৰা হৈছে। পুনৰীক্ষণ কৰা আঁচনিখনৰ নিৰ্দেশাৱলী তলত দিয়া হল।

উদ্দেশ্যাৱলী

এই আঁচনিখনে সামাজিক আৰু শিক্ষা-দিক্ষাত পিছপৰা শ্ৰেণী, বিশেষকৈ গাঁও অঞ্চলৰ পৰা অহা ছাত্ৰখিনিক মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে পঢ়া-শুনাৰ সুবিধা হোৱাকৈ ছাত্ৰাৱাসৰ সুবিধা কৰি দিয়াই উদ্দেশ্য।

পুনৰীক্ষণ হোৱা আঁচনিত খৰচৰ মূল্য

২০১৪-১৫ চনত পুনৰীক্ষণ হোৱাৰ পিছত আঁচনিখনৰ নিম্নোক্ত ব্যৱস্থাসমূহ হল:-

  • বিভিন্ন অঞ্চলৰ ছাত্ৰাৱাসৰ আসনৰ মূল্য নিম্নোল্লেখিত ধৰণৰ:-

    (ক) উত্তৰ পূৰ্বাঞ্চল – প্ৰতি আসনত ৩.৫০ লাখ টকা।
    (খ) হিমালয় অঞ্চল – প্ৰতি আসনত ৩.২৫ লাখ টকা
    (গ) দেশৰ বাকী অঞ্চল – প্ৰতি আসনত ৩.০০ লাখ টকা
    বা সেই ৰাজ্য চৰকাৰৰ নিৰিখৰ তালিকা মতে যিটোই নিম্ন মানৰ হয়।

  • ছাত্ৰৰ বাবে আৱাস নিৰ্মাণৰ খৰচৰ অংশ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৬০:৪০ অনুপাতত হব।
  • ছাত্ৰী নিৱাসৰ বাবে ৰাজ্য চৰকাৰে ৯০ শতাংশ কেন্দ্ৰীয় সাহায্য পাব আৰু ১০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।
  • কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে কেন্দ্ৰীয সাহায্য ১০০ শতাংশ হব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এই সাহায্য ৯০ শতাংশ হব।
  • কেন্দ্ৰীয় বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ বাবে অংশখিনি ভাৰত চৰকাৰৰ ৯০ শতাংশ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ ১০ শতাংশ হিচাপে ছাত্ৰ আৰু ছাত্ৰী উভয়ৰ আৱাসৰ বাবে হব।
  • ব্যক্তিগত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান আৰু বেচৰকাৰী সন্থাই কেন্দ্ৰীয় সাহায্যৰ ৪৫ শতাংশ লাভ কৰিব পাৰিব। বাকী ৫৫ শতাংশখিনি ৰাজ্য আৰু বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান/বেচৰকাৰী সন্থাই ৪৫:১০ অনুপাতত বহন কৰিব লাগিব। তাত জড়িত থকা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে তেনে বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান/বেচৰকাৰী সন্থাৰ প্ৰস্তাৱটো অনুমোদন কৰোতে এই বিষয়ে এখন সন্মতিপত্ৰ প্ৰদান কৰিব লাগিব।
  • সংযুক্ত ছাত্ৰাৱাসৰ প্ৰস্তাৱত, যত অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰৰ বাবেও নিৰ্দিষ্ট সংখ্যক আসন সংৰক্ষণ হৈ আছে, তেনেবিলাকো এই আঁচনিৰ অন্তৰ্ভুক্ত বুলি ধৰা হব।
  • মাটি অধিগ্ৰহণৰ কথাটো ইয়াত নাহে। ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, পলিটেকনিক আদি চলি থকা প্ৰকল্পৰ লগতে ছাত্ৰাৱাস নিৰ্মাণ কৰিব লাগিব
  • অনুদানৰ ধনখিনি ৫০:৪৫:৫ অনুপাতত ৩টা কিস্তিত মুকলি কৰি দিয়া হব, যত অনুদানৰ ৫ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছত আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়ে কোঠাত সোমোৱাৰ পিছতহে মুকলি কৰি দিয়া হব।
  • এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা ছাত্ৰাৱাসৰ প্ৰতিখন আসনৰ বাবে আচবাব আদি ক্ৰয় কৰিবলৈ এককালীনভাৱে ২৫০০ টকাকৈ (পৌনঃপুনিক নহয়) অনুদান দিয়া হব।
  • সকলোবিলাক ৰাজ্যিক চৰকাৰে তেওঁলোকৰ নিজা ছাত্ৰাৱাসৰ (ৰাজ্যিক চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা) বাবে এই আঁচনিৰ অধীনত আচবাবপাতি ক্ৰয় কৰিবলৈ প্ৰস্তাৱ পঠিয়াব পাৰে, যিটো ক্ষেত্ৰত পুঁজিৰ পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰ কৰি নতুনকৈ নিৰ্মাণ কৰা ১০০খন আসনযুক্ত ছাত্ৰাৱাসৰ প্ৰতিখন আসনৰ বাবে এককালীন ২৫০০ টকাকৈ এবাৰতে অনুদান দিয়া হব।
  • কাৰ্যকৰী কৰা সন্থাসমূহে (ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় শাসিত প্ৰশাসন, ব্যক্তিগত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান বা বেচৰকাৰী অনুষ্ঠান) আদিয়ে প্ৰতি বছৰে সকলো দিশতে সম্পূৰ্ণ হোৱা ছাত্ৰাৱাসৰ বাবে ব্যৱহাৰিক প্ৰমাণপত্ৰ আৰু সম্পূৰ্ণতাৰ প্ৰতিবেদনৰ উপৰিও অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰ/ছাত্ৰীয়ে কোঠা অধিকাৰ কৰাৰ পৰিস্থিতিৰ বিষয়ে প্ৰতিবেদন দিব লাগিব আৰু তেতিয়াহে মাত্ৰ পিছৰ অনুদানখিনি মুকলি কৰি দিয়া হব।
  • নিৰ্দ্ধাৰিত বাজেটৰ মুঠ ০.২৫ শতাংশ বা ১০ লাখ টকালৈ ধন মূল্যায়ন গুণাগুণ পৰীক্ষাৰ বাবে তৃতীয় পক্ষৰ পৰিদৰ্শন আৰু আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা খৰচপাতিৰ জোৰা মাৰিবলৈ সংৰক্ষিত ধন হিচাপে ৰখা হব।
  • ৰাজ্যিক চৰকাৰ বা কেন্দ্ৰীয় প্ৰতিষ্ঠানে এই কথা নিশ্চিত কৰিব লাগিব যে তেওঁলোকে দিব লগা অংশখিনি ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱাৰ আগতে যোগান কৰা হৈছে।
  • পিছপৰা সম্প্ৰদায় বিভাগে ভৱিষ্যতে সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰালয়ৰ অনুসূচীত জাতি বিভাগৰ অধীনস্থ বাবু জগজীৱন ৰাম ছাত্ৰৱাস যোজনাখন মূল্যায়ন, অধ্যয়ন আৰু অৰ্হতাসম্পন্ন কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে নিজাববীয়াকৈ পুনৰীক্ষণৰ দ্বাৰা উন্নত কৰিব।
  • “সাংসদ আদৰ্শ গ্ৰাম যোজনা আঁচনি”ৰ অধীনত নিৰ্বাচিত এখন আদৰ্শ গাঁৱত অন্যান্য পিছপৰা শ্ৰেণীৰ লৰা আৰু ছোৱালীৰ বাবে আৱাস নিৰ্মাণ কৰিব পৰা যায়, যদিহে তাতে মাটি পোৱা যায় আৰু গাঁওখন শিক্ষানুষ্ঠানৰ নিচেই কাষতে থকা হয়।

পুনৰীক্ষণ কৰা আঁচনিৰ অধীনত সাহায্য পোৱাৰ যোগ্য সন্থা

পুনৰীক্ষণ কৰা আঁচনিৰ অধীনত বিত্তীয় সাহায্য পোৱাৰ বাবে যোগ্য সন্থাসমূহ এনেকুৱা হব লাগিব:-

১। ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসন
২। আইন প্ৰণয়নৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা স্বায়ত্ত শাসিত প্ৰতিষ্ঠান বা সন্থা (যেনে- কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আই.আই.টি. এন.আই.টি ইত্যাদি) বা ৰেজিষ্ট্ৰেচন অব চ’ছাইটীজ এক্ট, ১৮৬০ৰ অধীনৰ সন্থা বা তেনেকুৱা,
(৩) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ উন্নয়নৰ আঁচনিসমূহ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত সুকলমে কাৰ্যকৰী কৰা তথ্য সম্বলিত সুপ্ৰতিষ্ঠিত বেচৰকাৰী অনুষ্ঠানসমূহ। এই অনুষ্ঠানসমূহে এই আঁচনিৰ অধীনত অনুদান পাবলৈ হলে আবেদন কৰা সময়ত দুবছৰলৈ পঞ্জীয়ন কৰা হব লাগিব।

এই আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া ছাত্ৰাৱাসৰ স্থান আৰু ধাৰণ ক্ষমতা

  • যেতিয়া ছাত্ৰাৱাস নিৰ্মাণৰ বাবে আনুমোদন দিয়া হয়, তেতিয়া প্ৰাধান্য দিয়া হব:-

    ১। এতিয়ালৈ সামৰি নোলোৱা অঞ্চল/জিলা
    ২। বহু সংখ্যক শিক্ষানুষ্ঠান থকা জিলা/চহৰ

  • যিমান দূৰ সম্ভৱ হয় শিক্ষানুষ্ঠানৰ ওচৰতে ছাত্ৰাৱাস নিৰ্মাণ কৰা হব।

এই আঁচনিৰ অধীনত ছাত্ৰাৱাসত ভৰ্তি হবলৈ ছাত্ৰৰ থাকিব লগা যোগ্যতা

এই আঁচনিৰ অধীনত নিৰ্মাণ কৰা ছাত্ৰাৱাসৰ আসনত ভৰ্তি হবলৈ ছাত্ৰজনৰ নিম্নোক্ত যোগ্যতাসমূহ থাকিব লাগিব:-

  • ছাত্ৰজন কেন্দ্ৰীয়/ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত হব লাগিব আৰু তেওঁ আধ্যৱন্ত পৰিয়ালৰ হব নালাগিব।
  • ছাত্ৰাৱাসসমূহ মেট্ৰিকোত্তৰ ছাত্ৰৰ বাবে নিতান্তই প্ৰয়োজনীয়। যিয়ে হওক ছাত্ৰাৱাসত যদি খালী আসন থাকে তেন্তে প্ৰাক্-মেট্ৰিক ছাত্ৰ বিশেষকৈ মাধ্যমিক স্তৰৰ ছাত্ৰৰ থকাৰ বাবেও বন্দোৱস্ত কৰিব পৰা যায়।
  • আন আন কথাসমূহ সমান হলেও নিম্ন আয়ৰ পৰিয়ালৰ পৰা অহা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰক অগ্ৰাধিকাৰ দিয়া হব।
  • ৪টা অক্ষমতা বিশিষ্ট ছাত্ৰৰ বাবে অন্ততঃ ৫ শতাংশ আসন সংৰক্ষিত থাকিব।

ব্যক্তিগত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান/বেচৰকাৰী সন্থালৈ অনুদান মুকলি কৰি দিয়াৰ চৰ্তাৱলী

সাহায্যৰ বাবে মুকলি কৰি দিয়া অনুদানসমূহৰ চৰ্তাৱলী এনেকুৱা হব:-

  • প্ৰকল্পৰ হিচাপ-পত্ৰ সঠিকভাৱে আৰু বেলেগকৈ ৰাখিব লাগিব আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন বা মহালেখ পৰীক্ষকৰ দ্বাৰা মনোনীত বিষয়াই নিৰীক্ষণ কৰিবৰ বাবে মুকলি কৰি দিব লাগিব।
  • এই আঁচনিৰ অধীনত লাভ কৰা অনুদান মাধ্যমেদি আহৰণ কৰা সম্পদখিনি এই অনুদান অনুমোদন কৰা উদ্দেশ্যৰ বাহিৰে আন কোনো কাৰণতে নতুন দিল্লীস্থিত সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰালয়ৰ আগতীয়া অনুমোদন নোহোৱাকৈ বিনষ্ট কৰা, বোজা হিচাপে ব্যৱহাৰ কৰা বা আন কোনো উদ্দেশ্যে ব্যৱহাৰ কৰিব নোৱাৰিব।
  • ব্যক্তিগত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠান/বেচৰকাৰী সন্থাই অনুমোদিত আঁচনি বা পুঁজিখিনি আন উদ্দেশ্যে যে ব্যৱহাৰ হোৱা নাই সেই কথাটো ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ অগ্ৰগতিৰ বিষয়ে ত্ৰৈমাসিক প্ৰতিবেদন দাখিল কৰিব।

ছাত্ৰাৱাস নিৰ্মাণৰ তালিকা

ক্ৰমিক নং

ছাত্ৰাৱাসৰ নাম

এল.অ’.কে.ডি. মহাবিদ্যালয় ছাত্ৰী নিৱাস, ঢেকিয়াজুলি

 

জে.ডি.এছ.জি. মহাবিদ্যালয় ছাত্ৰী নিৱাস, বোকাঘাট, জিলা – গোলাঘাট

 

সৰুপথাৰ মহাবিদ্যালয়, ধনশিৰি ছাত্ৰাৱাস, জিলা- গোলাঘাট

 

শ্বহীদ কুশল কোঁৱৰ কন্যা মহাবিদ্যালয়, সৰুপথাৰ

 

বঙাইগাঁও মহাবিদ্যালয়, জিলা- বঙাইগাঁও (ছাত্ৰ)

 

মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ জিলা- লখিমপুৰ (ছাত্ৰ)

 

টিহু মহাবিদ্যালয়, টিহু, জিলা- নলবাৰী (ছাত্ৰ)