পৰিচিতি
- সমগ্ৰ দেশৰে জনবসতি আৰু অঞ্চলসমূহত শিক্ষাৰ উন্নয়নৰ বাবে মানসম্পন্ন আৱাসিক বিদ্যালয় স্থাপনৰ সন্দৰ্ভত অনুসচিত জনজাতিৰ ছাত্ৰৰ বাবে স্থাপিত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ে জৱাহৰ নৱোদয় বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহৰ মাজত স্থান পাইছে।
- ভাৰতৰ সংবিধানৰ ২৭৫(১) অনুচ্ছেদৰ অধীনত অনুদান পায় একলব্য আদৰ্শ আৱাসিক বিদ্যালয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিষ্ঠা লাভ কৰিছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকে অনুচ্ছেদ ২৭৫(১)ৰ অধীনত পোৱা অনুদানৰ কিয়দাংশ মন্ত্ৰালয়ে অনুমোদন কৰাৰ উপৰিও অতিৰিক্ত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন আৰু পৰিচালনা কৰিব পাৰে।
- ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰে বৰ্তমানে থকা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহ সুকলমে চলি থকাটো নিশ্চিত কৰি আকৌ নতুনকৈ অতিৰিক্তভাৱে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় বিচাৰিব পাৰে।
- ৰাজ্য/কেন্দ্ৰীয় অঞ্চলৰ চৰকাৰে তেওঁলোকৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহ উচ্চ মান বিশিষ্ট পৰিচালনাৰ কথাটো নিশ্চিত কৰাৰ ওপৰতে মন্ত্ৰালয়ে ৰাজ্যৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমুহৰ আঁচনিখন সমৰ্থন কৰাৰ কথাটো আহিব। গুণমান সম্পন্ন পৰিচালনাই ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰৰ পৰা নিয়মিতভাৱে নিৰ্দ্ধাৰিত ধন সন্থা/বিদ্যালয় পৰিচালকলৈ নিয়মিত অহাৰ ফলত প্ৰয়োজনীয় সংখ্যক শিক্ষক নিয়োগ, বিদ্যালয়ৰ ছাত্ৰ আৰু কৰ্মচাৰীক উপযুক্ত চিকিত্সা প্ৰদান, পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাস্থ্যসন্মত, সুখী আৰু সৰ্বতোভাৱে সুস্থ শৈক্ষিক বাতাবৰণ। যদিহে নিম্নমানৰ পৰিচালনাৰ বাবে আৰু মানবিশিষ্টতাৰ অভাৱত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ অগ্ৰগতি দুখ লগা ধৰণেৰে নিম্নমানৰ হয়, তেন্তে ৰাজ্য/কেন্দ্ৰীয় শাসিত কৰ্তৃপক্ষই এই আঁচনিৰ বাবে মন্ত্ৰালয়ৰ পৰা পুঁজি পাবলৈ অসমৰ্থ হব।
একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ উদ্দেশ্যাৱলীসমূহ
দূৰণীবটীয়া অঞ্চলৰ অনুসূচীত জনজাতিৰ ছাত্ৰসকলক গুণমান বিশিষ্ট মধ্য আৰু উচ্চ স্তৰৰ শিক্ষা দিয়াটোৱে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ লক্ষ্য, যিটোৱে তেওঁলোকক অকল সংৰক্ষিত উচ্চ আৰু পেছাদাৰী চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মই নহয়, তেওঁলোকে অ-জনজাতীয় লোকসকলৰ লগতো শিক্ষাৰ ফেৰ মাৰিব পৰা হব।
এইটো মাত্ৰ পোৱা যাব:
- প্ৰতিখন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক, মানসিক আৰু সামাজিক দিশত সৰ্বতো প্ৰকাৰে উন্নয়ন সাধনৰ দ্বাৰা। ছাত্ৰসকলক তেওঁলোকৰ বিদ্যালয়ত, ঘৰত, গাঁৱত আৰু অৱশেষত এক বৃহত্ প্ৰসঙ্গৰ কাৰক সলনি কৰিবলৈ শক্তিমান কৰা হব।
- একাদশ আৰু দ্বাদশ শ্ৰেণী আৰু ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাত সহায়তা আগবঢ়োৱাৰ সুক্ষ্ম প্ৰভেদখিনি মন কৰিব লাগে যাতে সেই সুক্ষ্মতাখিনি মিতাব পৰা যায়।
- বাৰ্ষিক চলিত খৰচখিনি এনেদৰে বহন কৰিব লাগে যাতে কৰ্মচাৰীৰ দৰমহা আৰু সা-সুবিধাসমূহ উদগত অৱস্থাত ৰাখিব পাৰি।
- ছাত্ৰ জীৱনত প্ৰয়োজনীয় শিক্ষা, শাৰিৰীক পাৰিপাৰ্শ্বিক আৰু সাংস্কৃতিক প্ৰয়োজনীয়তাৰ আন্তঃগাঠনি নিৰমাণত সহায়তা কৰা।
একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ গঠন
- নিৰ্বাচন/প্ৰতিযোগিতাৰ মাধ্যমেদি বিদ্যালয়ত প্ৰৱেশ কৰিব পৰা হব, যত আদিম জনজাতীয় গোষ্ঠী, প্ৰথম দলৰ ছাত্ৰ আদিক উপযুক্ত সুবিধা দিয়া হব।
- ৰাজ্য চৰকাৰে বিদ্যালয়, খেলপথাৰ, ছাত্ৰাৱাস, আৱাসগৃহৰ বাবে বিনামূলীয়া প্ৰচুৰ ভূমি আগবঢ়াব।
- ছাত্ৰ আৰু ছাত্ৰীৰ বাবে আসনৰ সংখ্যা সমান সমান হব।
- সেই বিদ্যালয়সমূহত শিক্ষা সম্পূৰ্ণকৈ বিনামূলীয়া হব।
- ৩০ জনীয়াকৈ ২টা সুবিধাজনক শাখাৰে একোটা শ্ৰেণীত সৰ্বোচ্চ ৬০ জনকৈ ছাত্ৰ থাকিব আৰু বিদ্যালয়খনৰ মুঠ অনুমোদিত সংখ্যা হব ৪৮০ জন ছাত্ৰ।
- উচ্চতৰ মাধ্যমিক স্তৰত (একাদশ আৰু দ্বাদশ শ্ৰেণীত) প্ৰতিটো শ্ৰেণীৰে তিনিটা শাখা থাকিব, -বিজ্ঞান, বাণিজ্য আৰু কলা শাখা। প্ৰতিটো শাখাৰে সৰ্বোচ্চ অনুমোদিত সংখ্যা হব ৩০ জনকৈ ছাত্ৰ। কোনোবা শাখাত ছাত্ৰ সংখ্যা কমি গলে, আন বিদ্যালয়ৰ পৰা অনুসূচীত জনজাতিৰ ছাত্ৰ আনি নিয়ম মতে ভৰ্তি কৰিব পৰা হব।
একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ পৰিচালনা আৰু প্ৰৱন্ধনা
- ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰে নিজ বিবেচনা মতে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ক ৰাজ্যিক বা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ শাখা হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰে।
- শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ত উল্লেখ থকা মতে বিদ্যালয়ৰ মান আৰু মাপ মতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ নিয়ম মতে শিক্ষক নিযুক্তি দিব লাগিব।
- বেছি সংখ্যক শিক্ষয়িত্ৰীক নিযুক্তি দিবলৈ চেষ্টা কৰিব লাগিব। নিয়োগৰ সময়ছোৱাত এনেকুৱা মানুহক অগ্ৰাধিকাৰ দিব লাগিব যাৰ স্ত্ৰী/স্বামীও শিক্ষক হবলৈ উপযুক্ত হব। অনা-শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত মহিলাক অগ্ৰাধিকাৰ দিয়া হব, আৰু যিকোনো কাৰণতে ৰান্ধনী, সহায়ক আৰু চাফাই কৰ্মী হিচাপে মহিলাক নিয়োগ কৰিব পৰা যাব।
- প্ৰতিখন ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰেই একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ সুপৰিচালনা আৰু কাৰ্যকৰীতাৰ বাবে দায়ী হব। ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰে পৰিচালনাৰ বাবে সহজসাধ্য/উপযুক্ত কোনো ব্যৱস্থা লব পাৰে, -স্বায়ত্ত শাসিত শিক্ষা সন্থা, নামী শিক্ষানুষ্ঠানৰ সৈতে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, ৰাজ্যিক শিক্ষা বিভাগৰ সৈতে বন্দোৱস্ত বা আন কোনো সুবিধাজনক ব্যৱস্থাও লব পাৰে।
- একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ পৰিচালনাৰ বাবে এটা সন্থা গঠন/ইতিমধ্যে পঞ্জীয়ন হৈ থকা কোনো শিক্ষামূলক সন্থাৰ লগত সহযোগ কৰিবলৈ ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰক উত্সাহিত কৰা হয়। এনেকুৱা ধৰণৰ সন্থাই বিদ্যালয়সমূহৰ গুণমান বিশিষ্ট শিক্ষাৰ আন্তঃগাঠনি/সুযোগ সুবিধা/শিক্ষাৰ উত্স বৃদ্ধিৰ বাবে ব্যক্তি বিশেষৰ পৰা বা অনুষ্ঠানসমূহৰ পৰা বৰঙণি তুলিব পাৰে।
- প্ৰতিখন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় পৰিচালনা কমিটীৰ লগত আন আন ব্যক্তিৰ লগত শিক্ষাৰ বিষয়ে আগ্ৰহী বেচৰকাৰী সন্থাকো অন্তৰ্ভুক্ত কৰিব পাৰে। সামাজিকভাৱে প্ৰাসঙ্গিক, উন্নয়ন/কল্যাণকামী কাম বৃদ্ধিৰ আঁচনিত এনেকুৱা বেচৰকাৰী সন্থাৰ সাহায্য লব পৰা যায়।
- বিদ্যালয়ৰ প্ৰৱেশ, শিক্ষক নিয়োগ, কৰ্মচাৰী নিয়োগ, কৰ্মচাৰী বিয়ৰ কথাসমূহ আৰু বিদ্যালয়ৰ দৈনন্দিন কামসমূহ ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰে গঠন কৰি দিয়া সন্থাই নিয়ন্ত্ৰণ কৰাৰ লগে লগে উচিত বিবেচনা কৰা আন কাম-কাজসমূহো নিয়ন্ত্ৰণ কৰিব।
- শিক্ষক নিৰ্বাচন আৰু শিক্ষা সংক্ৰান্ত আৰু পাঠ্য-বহিৰ্ভুত কৰ্মৰ বাবে শিক্ষক আৰু কৰ্মচাৰী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাজ্য /কেন্দ্ৰীয় শাসিত চৰকাৰে উচ্চতম গুণীজনক নিৰ্বাচন কৰাত গুৰুত্ব দিব।
- ভাৰত চৰকাৰৰ জনজাতি বিষয়ৰ মন্ত্ৰালয়ে বিদ্যালয়ত ছাত্ৰৰ প্ৰৱেশ, কৰ্মচাৰী নিয়োগ, কৰ্মচাৰীৰ বিষয়ে নীতি/সম্পদ পৰিচালনা আদি বিদ্যালয় পৰিচালনাৰ ওপৰত একো দায়-দায়িত্ব নলয়।
ভৱনৰ নক্সা আৰু প্ৰদৰ্শন
- প্ৰতিখন বিদ্যালয়লৈ আৱণ্টিত মাটি ২০ একৰ হব লাগিব আৰু তাৰ ৩.৫ একৰ মাটি নিৰ্মাণ কাৰ্যৰ বাবে ব্যৱহাৰ হব। বাকীখিনি মাটি সঠিকভাৱে ৰাখিব লাগিব আৰু তাৰ এটা বুজন অংশ খেলা-ধূলাৰ বাবে আচুতীয়াকৈ ৰাখিব লাগিব।
- বিদ্যালয়ৰ আঁচনিখনত চৌহদ, ৰান্ধনী ঘৰ, পাচলিৰ বাগান আৰু গছ-গছনি (ফল আৰু পুষ্টিকৰ গছ যেনে চজিনা (মৰিঙ্গা/ছাহজান) টেঙা আদিৰ বাবে ঠাই প্ৰদৰ্শন কৰিব লাগিব। নতুন আৰু পুনৰনবীকৰণ শক্তি মন্ত্ৰালয়ৰ আঁচনি ব্যৱহাৰ কৰি বিদ্যালয়ত ইন্ধন ৰাহিৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰক উত্সাহিত কৰা হৈছে।
- একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ নক্সাখনত কিছুমান অতি দৰকাৰী কথাৰ লগতে স্থানীয়, পাৰিপাৰ্শ্বিকতাৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক ধৰিব লাগিব। পৰামৰ্শ দিয়া দৰকাৰী সঁজুলিসমূহৰ এখন তালিকা লগত সংলগ্ন কৰা হল।
- এখন বিদ্যালয়ৰ ভৱনটোৰ মান আৰু মাপ কেনেকুৱা হব, সেইটো শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ অনুসূচীত আছে আৰু তাক গাঢ়ভাৱে মানিব লাগিব।
খৰচ আৰু বাজেট
- মূলধনী খৰচ (নন-ৰেকাৰিং)। ছাত্ৰাৱাস আৰু কৰ্মচাৰীৰ আৱাসকে ধৰি বিদ্যালয় চৌহদৰ মূলধনী খৰচ বৰ্তমান ১২ কোটি টকা আৰু পাৰ্বত্য অঞ্চল, মৰুভূমি আৰু দ্বীপ অঞ্চলত ১৬ কোটি টকালৈ বৃদ্ধি হব পাৰে। যিকোনো ধৰণৰ বৃদ্ধি হলে সেই ধন ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰে বহন কৰিব লাগিব।
- পুনঃপূনিক খৰচ – বিদ্যালয়ৰ প্ৰথম বছৰৰ বাবে পুনঃপূনিক খৰচ প্ৰতিজন ছাত্ৰৰ বাবে ৪২০০০ টকাকৈ হব। প্ৰতি দুবছৰৰ মূৰত এই সংখ্যা মুদ্ৰাস্ফীতিৰ বাবে ১০ শতাংশকৈ বাঢ়িব পাৰে।
- নন-ৰেকাৰিং বস্তুবিলাক যেনে- ৰান্ধনী ঘৰ, ভোজন কক্ষ, ছাত্ৰাৱাস, বিনোদন কক্ষ, বাগিচা আদিকে ধৰি প্ৰয়োজনীয় আচবাব পত্ৰ ক্ৰয় কৰিবলৈ প্ৰতিখন বিদ্যালয়কে প্ৰতি ৫ বছৰৰ মূৰে মূৰে ১০ লাখকৈ অনুদান দিয়া হব –ইয়াৰ ভিতৰত মুদ্ৰাস্ফীতি ধৰা হৈছে।
- পুনঃপূনিক খৰচৰ বাৰ্ষিক বাজেটখন সূত্ৰবদ্ধ কৰি পৰিচালনা কমিটীৰ আগত প্ৰতি বছৰৰ শেষত পিছৰ বছৰৰ বাবে অনুমোদন কৰিবলৈ দিয়া হয়। পুনঃপৌনিক খৰচৰ হিচাপ কৰিবলৈ জৱাহৰ নৱোদয় বিদ্যালয়ৰ সময়ে সময়ে প্ৰচলিত হিচাপখিনিকে ভেটি হিচাপে ধৰা হয়।
- কাৰ্যক্ষম হৈ থকা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ক দিব লগা পুনঃপৌনিক খৰচখিনি ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বেংকৰ হিচাপত জমা কৰি দিব। এই উদ্দেশ্যে প্ৰতি একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ে একোটা বেংক একাউণ্ট অনুষ্ঠানৰ অধ্যক্ষ আৰু পৰিচালনা কমিটীৰ কোনো সদস্যৰ লগত (সেইজনো এজন চৰকাৰী বিষয়া) যুটীয়াভাৱে খুলিব লাগিব।
পুনৰীক্ষণ আৰু নিৰীক্ষণ
- আঁচনিখনৰ কাৰ্যকৰী কৰণতো কেন্দ্ৰীয় চৰকাৰৰ জনজাতীয় বিষয়াৰ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ/কাৰ্যকৰী কৰা সন্থাৰ সাময়িক প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পুনৰীক্ষণ কৰিব।
- জনজাতীয় বিষয়ৰ মন্ত্ৰালয়ে পুনৰীক্ষণৰ বাবে সভা আহ্বান কৰোতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত প্ৰশাসনে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ অগ্ৰগতিৰ ওপৰত খতিয়ান দাঙি ধৰিব লাগিব।
- ২৭৫(১) অনুচ্ছেদৰ অধীনস্থ অনুদান ব্যৱহাৰ কৰাৰ বিষয়ে থকা নিৰ্দেশিকাত মুঠ আৱণ্টিত ধনৰ ২ শতাংশ আঁচনিখনৰ প্ৰশাসনিক কামত খৰচ কৰাৰ কথা আছে।
- একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ অনলাইন নিৰীক্ষণৰ বাবে কেন্দ্ৰীয়ভাৱে এক কাৰিকৰী কৌশল উদ্ভাৱন কৰা হব। ইতিমধ্যে ৰাজ্যিক/কেন্দ্ৰীয় প্ৰশাসনে তেওঁলোকৰ নিজস্ব নিয়ম/পদ্ধতি শক্তিশালী কৰি তুলিব পাৰে। উপৰোক্ত সালসলনিখিনি নিৰ্বাচিত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰৰ লগত আলোচনা মৰ্মে কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰ সাজু আছে।
বিশেষকৈ নিম্নোক্ত সামগ্ৰীখিনি একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ প্ৰদৰ্শনত সোমাই লব পাৰি
- বিদ্যালয়
- আৱাস
- ঘৰৰ বাহিৰত থকা অঞ্চল
- বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ
বিদ্যালয়
- পৰ্যাপ্ত সংখ্যক শ্ৰেণী কোঠা
- শিক্ষকৰ আশ্ৰয় কোঠা/কম্পিউটাৰ লেব
- ছাত্ৰৰ কম্পিউটাৰ লেব/ভাষা কক্ষ
- পুথিভঁৰাল
- বিজ্ঞানৰ পৰীক্ষাগাৰ
- সাধাৰণ ব্যৱহাৰৰ বাবে সভাঘৰ/বিনোদন কক্ষ/প্ৰেক্ষাগৃহ (ভোজন কক্ষৰ সৈতে সংলগ্ন কৰিব পাৰি) চিকিত্সালয়/ৰোগী থকা কক্ষ।
আৱাসগৃহ
বাহিৰৰ অঞ্চল
- চৌহদৰ দেৱাল
- পুষ্টিকৰ ফল-মূলৰ বাগিচাৰ বাবে থকা ঠাই
- বাগিচা আৰু সৰু চালি
- কৰ্মী/দৰ্শকৰ বাবে প্ৰসাধন ঘৰ
- ব্যৱহাৰ্য বস্তু
বিদ্যুত্ নিয়ন্ত্ৰণ কক্ষ
- ভূ-নিম্নস্থ (মাটিৰ তলৰ) খাল, পাম্প ঘৰ
- পানী নিষ্কাষণ যন্ত্ৰ
- নিৰাপত্তাৰক্ষীৰ কক্ষ
পুথিভঁড়াল, পৰীক্ষাগাৰ আৰু শৌচাগাৰকে ধৰি গোটেই বিদ্যালয় চৌহদতে শাৰিৰীক অক্ষম ল’ৰা-ছোৱালীবিলাকে ব্যৱহাৰ কৰিব পৰাকৈ থাকিব লাগে।