পটভূমি
সংবিধানৰ চতুৰ্থ খণ্ডৰ ৪৬ নং অনুচ্ছেদত জনসাধাৰণৰ দুৰ্বল শ্ৰেণীৰ বিশেষকৈ অনুসূচীত জাতি আৰু জনজাতিৰ শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে ৰাজ্যৰ লগত সংযোজিত কৰা হৈছে। সংবিধানৰ সেই একে খণ্ডৰে ৩৮(২) নং অনুচ্ছেদত অকল ব্যক্তিগতভাৱেই নহয়, আনকি বিভিন্ন অঞ্চলত বাস কৰি ভিন ভিন কৰ্মত নিয়োজিত মানুহৰ মাজত আয়ৰ তাৰতম্য হ্ৰাস কৰা, সামাজিক, মৰ্যাদা, সুযোগ-সুবিধা সমূহৰ তাৰতম্য হ্ৰাস কৰাৰ কথাটো ৰাজ্যৰ লগত সংযোগ কৰা আছে।
উদ্দেশ্যাৱলী
আঁচনিৰ উদ্দেশ্যাৱলীসমূহ হল:
- নৱম আৰু দশম মানত অধ্যয়ন কৰা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ প্ৰাথমিক স্তৰৰ পৰা মাধ্যমিক স্তৰলৈ উন্নীত হোৱাত অকৃতকাৰ্য হোৱাৰ পৰা সহায় কৰিবলৈ তেওঁলোকৰ পিতৃ-মাতৃক সহায় কৰা।
- নৱম আৰু দশম মানত প্ৰাক্-মেট্ৰিক অৱস্থাত পঢ়ি থকা অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাত ভাগ লোৱাত উন্নত কৰা যাতে মেট্ৰিকোত্তৰ শিক্ষাত তেওঁলোকে উন্নত ফলাফল দেখুৱাব পাৰে।
পৰিসৰ
মাত্ৰ ভাৰতৰ ভিতৰত অধ্যয়নৰ বাবে বৃত্তি প্ৰদান কৰা হব আৰু ছাত্ৰ/ছাত্ৰী গৰাকী যিখন ৰাজ্যৰ অধিবাসী সেই ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰে এই বৃত্তি প্ৰদান কৰিব।
যোগ্যতাৰ মাপকাঠি
- ছাত্ৰজন অনুসূচীত জনজাতিৰ হব লাগিব।
- তেওঁৰ অভিভাৱকৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ অধিক হব নোৱাৰিব।
- তেওঁ/তাই কেন্দ্ৰীয় আন পুঁজিৰ প্ৰাক্-মেট্ৰিক বৃত্তি পোৱা হব নোৱাৰিব।
- তেওঁ/তাই কোনো চৰকাৰী বিদ্যালয়, চৰকাৰী স্বীকৃতিপৰাপ্ত বা কেন্দ্ৰীয়/ৰাজ্যিক মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰী হব লাগিব।
- যিকোনো শ্ৰেণীত পঢ়াৰ বাবে এবছৰৰ বাবে এই বৃত্তি পাব। যদিহে কোনো ছাত্ৰ/ছাত্ৰীয়ে সেই শ্ৰেণীত পুনৰ পঢ়িব লগা হয়, তেন্তে তেওঁ/তাই দ্বিতীয় বছৰৰ (বা পিছৰ বছৰৰ) বাবে বৃত্তিটো নাপাব।
পিতৃ-মাতৃ/অভিভাৱকৰ বাৰ্ষিক আয়
ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ/অভিভাৱকৰ বাৰ্ষিক সৰ্বমুঠ আয় ২,০০,০০০তকৈ অধিক টকা নহলে বৃত্তি দিয়া হব।
টোকা ১: পিতৃ-মাতৃৰ জীৱিত অৱস্থাত তেওঁলোকৰ দুয়োৰে সৰ্বমুঠ আয়হে ধৰা হব, আৰু আন কোনো উপাৰ্জনক্ষম সদস্যৰ আয় ইয়াৰ ভিতৰত ধৰা নহয়। আয় ঘোষণা কৰা ফৰ্মখনত এনেকৈয়ে ঘোষণা কৰিব লাগিব। যি ক্ষেত্ৰত পিতৃ-মাতৃ উভয়ৰে মৃত্যু হৈছে, তেনে ক্ষেত্ৰত ছাত্ৰ/ছাত্ৰীৰ পঢ়া-শুনাৰ চোৱাচিতা কৰা অভিভাৱকৰ আয় ধৰা হব। ছাত্ৰ/ছাত্ৰী গৰাকী যদি এনেকুৱা হয় যে তেওঁৰ উপাৰ্জনক্ষম পিতৃ বা মাতৃৰ কোনো এজনৰ দুৰ্ভাগ্যক্ৰমে মৃত্যু হয় আৰু ফলস্বৰূপে তেওঁৰ অভিভাৱকৰ আয় আঁচনিত উল্লেখ কৰা উচ্চ সীমাৰ ভিতৰলৈ নামি আহে, তেনে ক্ষেত্ৰত আন আন চৰ্তসমূহ পূৰণ হলে, বৃত্তি পোৱাৰ বাবে যোগ্য হব আৰু যিটো মাহত সেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটে, সেই মাহৰ পৰাই বৃত্তি প্ৰযোজ্য হব এনেকুৱা ধৰণৰ বৃত্তি প্ৰদানৰ বাবে দাখিল কৰা আবেদন-পত্ৰখন আবেদন দাখিলৰ শেষ তাৰিখৰ পিছত দাখিল কৰিলেও সহানুভূতিৰে বিবেচনা কৰা হব।
টোকা ২: এজন ছাত্ৰৰ পিতৃ-মাতৃয়ে লাভ কৰা ঘৰ ভাড়াৰ ভাট্টাখিনি আয়ৰ হিচাপ কৰোতে বাদ দিয়া হব, যদিহে আয়কৰ পৰিশোধ কৰোতে সেইখিনি ধন আয়কৰৰ পৰা ৰেহাই পোৱাৰ বাবে অনুমতি থাকে।
টোকা ৩: আয়ৰ প্ৰমাণ পত্ৰখন মাত্ৰ এবাৰেই লব লাগিব, অৰ্থাত্, এবছৰতকৈ বেছি দিনীয়া পাঠ্যক্ৰম হলেও সেই পাঠ্যক্ৰমত নামভৰ্তি কৰোতে দিলেই হব।
বৃত্তিৰ মূল্য
সম্পূৰ্ণ পাঠ্যক্ৰমৰ বাবে নিম্নোল্লেখিত পৰিমাণত দিয়া হব:-
- বৃত্তি আৰু আন আন অনুদানসমূহ
- বৃত্তিগত অনা-সাহায্যপ্ৰাপ্ত স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়নৰত শাৰিৰীকভাৱে অক্ষম ছাত্ৰ/ছাত্ৰীক অতিৰিক্ত ভাট্টা দিয়া হব।
বিশদ বিৱৰণ তলত দিয়া হল: বৃত্তিৰ পৰিমাণ আৰু আন আন অনুদানৰ পৰিমাণ নিম্নোল্লেখিত ধৰণৰ:
বৃত্তি | দিবা শাখাৰ ছাত্ৰ | আৱাসী ছাত্ৰ |
১০ মাহৰ বাবে জলপানি (প্ৰতি মাহে টকা হিচাপে) | ১৫০ | ৩৫০ |
কিতাপ আৰু তদৰ্থ অনুদান (প্ৰতি বছৰে টকা হিচাপে) | ৭৫০ | ১০০০ |
- মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে কাৰ্যকৰী কৰা কেন্দ্ৰীয় আঁচনি মাধ্যমিক স্তৰত শাৰিৰীকভাৱে অক্ষমসকলৰ সমেত শিক্ষাৰ অধীনত ব্যক্তিগত অনা-সাহায্যপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়ন কৰা শাৰিৰীকভাৱে অক্ষম অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীলৈ বাৰ্ষিক অতিৰিক্ত ৩০০০ টকাকৈ ভাট্টা ইতিমধ্যে শিক্ষাৰ্থী ভিত্তিক উপাদানৰ মাধ্যমেদি চৰকাৰী, স্থানীয় নিকায় আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত অধ্যয়ন কৰা শাৰিৰীকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীলৈ মাধ্যমিক পৰ্যায়ত প্ৰদান কৰা হৈছে। যিয়ে হওক, অনা-সাহায্যপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকল মাধ্যমিক স্তৰত শাৰিৰীকভাৱে অক্ষমসকলৰ সমেত শিক্ষা আঁচনিৰ অধীনত নপৰে। গতিকে অনা-সাহায্যপ্ৰাপ্ত স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰা শাৰিৰীকভাৱে অক্ষম অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকল নিম্নোল্লেখিত হাৰত ভাট্টা পোৱাৰ যোগ্য।:
| ব্যক্তিগত অনা-সাহায্যপ্ৰাপ্ত বিদ্যালয়ত অধ্যয়ন কৰা শাৰিৰীকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীলৈ ভাট্টা- | টকাৰ পৰিমাণ |
১ | অন্ধ ছাত্ৰ-ছাত্ৰীলৈ মাহিলী পাঠকৰ ভাট্টা | ১৬০ টকা |
২ | যদিহে ছাত্ৰজন বিদ্যালয়ৰ চৌহদত থকা ছাত্ৰাৱাসত নাথাকে, তেন্তে (অক্ষম ব্যক্তিৰ আইন, ১৯৯৫ত উল্লেখ থকা মতে) ছাত্ৰজনলৈ মাহিলী যাতায়তৰ ভাট্টা | ১৬০ টকা |
৩ | সাংঘাতিকভাৱে অক্ষম (অৰ্থাত্ ৮০ শতাংশ বা ততোধিক অক্ষম) ছাত্ৰ/দিবা শাখাৰ ছাত্ৰৰ সহায়কাৰীৰ বাবে মাহিলী ভাট্টা | ১৬০ টকা |
৪ | ছাত্ৰাৱাসৰ কোনো কৰ্মচাৰী যিজনে ছাত্ৰৱাসৰ কোনো অস্থিৰোগত আক্ৰান্ত ছাত্ৰক সহায় কৰিবলৈ ইচ্ছুক আৰু ছাত্ৰজনক সহায়কাৰীৰ দৰকাৰ, তেনে সহায়কাৰীৰ মাহিলী ভাট্টা | ১৬০ টকা |
৫ | মানসিক বাধাগ্ৰস্ত আৰু মানসিকভাৱে অসুস্থ ছাত্ৰ প্ৰশিক্ষণ দিয়াৰ বাবে মাহিলী ভাট্টা | ২৪০ টকা |
টোকা: অক্ষম ব্যক্তিৰ(সম সুবিধা, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ সহযোগিতা আইন, ১৯৯৫)আইনৰ অধীনত শাৰিৰীক অক্ষমতাখিনিৰ বাবে ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনো অৰ্হতাসম্পন্ন চিকিত্সকে প্ৰমাণপত্ৰ দিব লাগিব।
প্ৰাৰ্থী নিৰ্বাচন
- এইখন আঁচনিত অনুমোদন কৰা মতে সকলো যোগ্যবান অনুসূচীত জনজাতিৰ প্ৰাৰ্থীয়ে বৃত্তি লাভ কৰিব।
- কোনো এজন প্ৰাৰ্থী আন এখন ৰাজ্যত অধ্যয়ন কৰিলে, তেওঁ যিখন ৰাজ্যৰ বাসিন্দা, সেইখন ৰাজ্যৰ চৰকাৰে তেওঁক বৃত্তি দিব আৰু তেওঁৰ আবেদনখন সেই ৰাজ্যৰ অৰ্হতাসম্পন্ন প্ৰাধিকাৰীলৈ পঠাব লাগিব।
পুৰস্কাৰৰ স্থায়িত্ব আৰু পুনঃনবীকৰণ
- এটা শৈক্ষিক বৰ্ষত ১০ মাহৰ বাবে বৃত্তি প্ৰদান কৰা হব।
- এই বৃত্তিটো এবাৰ দিয়াৰ পিছত সজ আচৰণ আৰু শ্ৰেণীত নিয়মীয়া উপস্থিতি সাপেক্ষে পৰৱৰ্ত্তী বছৰলৈ প্ৰচলিত হৈ থাকিব। ছাত্ৰজনে নৱম শ্ৰেণীত উত্তীৰ্ণ হৈ দশম শ্ৰেণী পালে বৃত্তিটো পুনঃনবীকৰণ কৰা হব।
বৃত্তিৰ ধন আদায়
- বৃত্তি সমূহ পহিলা এপ্ৰিলৰ পৰা নাইবা যিটো মাহত ছাত্ৰজনে অনুষ্ঠানত প্ৰৱেশ কৰে তাৰ শেহৰটো তাৰিখৰ পৰা শৈক্ষিক বছৰৰ শেষৰ পৰীক্ষা অনুষ্ঠিত মাহটোলৈ বৃত্তিৰ ধন দি থকা হয়, যদিহে ছাত্ৰজনে কোনোবা মাহৰ ২০ তাৰিখৰ পিছত অনুষ্ঠানত প্ৰৱেশ কৰে, তেন্তে সেই মাহৰ পিছৰ মাহৰ পৰা বৃত্তিৰ ধন দিয়া হয়।
- বৃত্তি পুনঃনবীকৰণৰ ক্ষেত্ৰত যোৱা বছৰৰ বাবে যিটো মাহলৈ বৃত্তি দিয়া হৈছে, তাৰ পিছৰ মাহৰ পৰা বৃত্তিৰ ধন দিয়া হব।
- ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে এই বিষয়ে নিৰ্দ্ধাৰিত নিয়ম মতে নিৰ্বাচিত ছাত্ৰসকলক বৃত্তিৰ ধন আদায় দিব।
পুৰস্কাৰৰ ধাৰাবাহিকতাৰ বাবে নিয়মাৱলী
- ছাত্ৰজনৰ সন্তোষজনক অগ্ৰগতি আৰু আচৰণৰ ওপৰতে ছাত্ৰবৃত্তিটো নিৰ্ভৰ কৰিব। যদিহে অনুষ্ঠান/বিদ্যালয়ৰ মুৰব্বীগৰাকীয়ে যিকোনো সময়ত প্ৰতিবেদন দিয়ে যে ছাত্ৰজনে তেওঁৰ দোষৰ বাবে সন্তোষজনকভাৱে অগ্ৰগতি দেখুৱাব পৰা নাই, নাইবা ধৰ্মঘট কৰা, কৰ্তৃপক্ষৰ বিনা অনুমতিত অনুপস্থিত থকা আদি কু-আচৰণৰ দৰে দোষত দোষী ইত্যাদি, তেনে ক্ষেত্ৰত বৃত্তি প্ৰদানকাৰী কৰ্তৃপক্ষই ছাত্ৰবৃত্তিটো বাতিল কৰিব বা বন্ধ কৰিব বা তেওঁলোকে উপযুক্ত বুলি ভবা সময়ৰ বাবে স্থগিত ৰাখিব পাৰে।
- যদি কোনো ছাত্ৰ/ছাত্ৰীয়ে মিছা তথ্য প্ৰদান কৰি বৃত্তিৰ ধন লোৱা বুলি জনা যায়, তেন্তে তেওঁৰ বৃত্তিটো সেই মুহূৰ্তৰ পৰা বন্ধ কৰি দিয়া হব আৰু বৃত্তি প্ৰদানকাৰী ৰাজ্যিক চৰকাৰ/কেন্দ্ৰীয় শাসিত চৰকাৰৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ/ছাত্ৰীলৈ দিয়া বৃত্তিৰ ধন ঘূৰাই লোৱা হব। ছাত্ৰ/ছাত্ৰী গৰাকীক নিষিদ্ধ ঘোষণা কৰি চিৰ দিনলৈ যিকোনো আঁচনিৰ বৃত্তি লাভৰ পৰা বঞ্চিত কৰা হব।
- যদিহে কোনো ছাত্ৰ/ছাত্ৰীয়ে শিক্ষা বৰ্ষটোৰ মাজতে অধ্যয়ন কৰা বন্ধ কৰে, তেন্তে যিটো পাঠ্যক্ৰমৰ বাবে তেওঁক বৃত্তি প্ৰদান কৰা হৈছিল সেই বৃত্তিৰ ধনখিনি বৃত্তি প্ৰদানকাৰী ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰৰ সিদ্ধান্ত মৰ্মে ঘূৰাই দিব লাগিব।
আঁচনিৰ প্ৰচাৰ আৰু আবেদন-পত্ৰ আহ্বান
- এই আঁচনিখন ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে কাৰ্যকৰী কৰিব। সকলো ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে সঠিক সময়ত আঁচনিখনৰ বিষয়ে প্ৰচাৰ কৰিব আৰু স্থানীয় ভাষাত ৰাজ্যৰ প্ৰধান প্ৰধান বাতৰিকাকত আৰু তেওঁলোকৰ ৱেবছাইট আৰু আন আন প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি আবেদনপত্ৰ আহ্বান কৰিব। আবেদনকাৰীসকলে তেওঁলোকৰ আবেদনপত্ৰসমূহ সম্পূৰ্ণ কৰি বিধিসন্মত কৰ্তৃপক্ষলৈ অন্তিম তাৰিখৰ আগতে নিম্নোল্লেখিত ধৰণে দাখিল কৰিব লাগিব।
- ৰাজ্যিক চৰকাৰে স্থানীয় ভাষাত এখন সঠিক প্ৰপত্ৰ প্ৰস্তুত কৰি ৱেবছাইটত সংলগ্ন কৰিব। যোগ্য ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰপত্ৰখন সঠিকভাৱে ভৰ্ত্তি কৰি বিদ্যালয় কৰ্তৃপক্ষক দাখিল কৰাৰ পিছত তেওঁলোকে খণ্ড/জিলা স্তৰৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব। ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে বৃত্তি মঞ্জুৰ কৰিবলৈ উপযুক্ত বুলি বিবেচনা কৰা জিলা/খণ্ড কৰ্তৃপক্ষ/প্ৰতিষ্ঠানৰ মুৰব্বীক ক্ষমতা অৰ্পণ কৰিব।
আবেদনৰ পদ্ধতি
- বৃত্তিৰ বাবে কৰা আবেদনপত্ৰত থাকিব লাগিব:
(ক) বৃত্তিৰ বাবে দাখিল কৰা আবেদন পত্ৰখনৰ একপি (ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে বিধান দিয়া নতুন আৰু পুনৰ্নবিকৰণ বৃত্তিৰ বাবে বেলেগ বেলেগ প্ৰপত্ৰ)
(খ) আবেদনকাৰীৰ চহীৰে সৈতে একপি পাচপোৰ্ট আকাৰৰ ফটো
(গ) তহচিলদাৰতকৈ অধঃস্তৰ নহয়, তেনে পৰ্যায়ৰ ৰাজহ বিষয়াই চহী কৰা অনুসূচীত জনজাতিৰ এখন প্ৰমাণপত্ৰ (মূল প্ৰমাণ পত্ৰখন দাখিল কৰিব লাগিব)
(ঘ) স্ব-নিয়োজিত পিতৃ-মাতৃ/অভিভাৱকে তেওঁলোকৰ সৰ্বমুঠ আয় সঠিকভাৱে উল্লেখ কৰি নন-জুডিচিয়েল ষ্ট্যাম্প কাগজত এখন এফিডেভিট দাখিল কৰিব লাগিব। চাকৰিয়াল পিতৃ-মাতৃ/অভিভাৱকে তেওঁলোকৰ নিয়োগকৰ্তাৰ পৰা আয়ৰ প্ৰমাণ-পত্ৰ আনিব লাগিব আৰু তাৰ ওপৰত থকা অতিৰিক্ত আয়ৰ বাবে এখন নন-জুডিচিয়েল ষ্টাম্প কাগজত এফিডেভিট দিব লাগিব।
(ঙ) যদিহে আবেদনকাৰীয়ে আগৰ বছৰত এই আঁচনিৰ অধীনত কোনো বৃত্তি পাইছিল, তেন্তে আগৰ বছৰত পোৱা সেই বৃত্তিৰ প্ৰাপ্তি স্বীকাৰ কৰি আবেদনৰ লগত সংলগ্ন কৰা ৰচিদত চহী কৰি প্ৰতিষ্ঠানৰ/বিদ্যালয়ৰ মৰুব্বীয়ে সহ-স্বাক্ষৰ কৰিব লাগিব।
- আবেদন পত্ৰখন সম্পূৰ্ণকৈ ভৰ্তি কৰি অধ্যয়ন কৰি থকা অনুষ্ঠান/বিদ্যালয় বা শেহৰ বাৰলৈ অধ্যয়ন কৰি থকা অনুষ্ঠান/বিদ্যালয়ৰ মুৰব্বীৰ ওচৰত দাখিল কৰিব লাগিব। তেখেতে আবেদনখন পুংখানুপুংখ পৰীক্ষা কৰি তেখেতৰ অনুমোদনৰ সৈতে অনুমোদনৰ বাবে কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব। (দফা ১১.২ত উল্লেখিত)
বৃত্তি বিতৰণৰ পদ্ধতি
বৃত্তিৰ ধন প্ৰাপকসকলৰ মাজত সময় মতে আৰু শুদ্ধভাৱে আদায় দিয়া হৈছে নে নাই সেই কথাটো ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে তেনে বৃত্তি প্ৰাপকসকলৰ ডাকঘৰ/বেংকত থকা হিচাপ বহীৰ পৰা নিশ্চিত কৰিব। সকলোবিলাক ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰে ই-পেমেণ্টকে ধৰি বৃত্তিৰ বাবে কম্পিউটাৰ পৰিচালন পদ্ধতি কাৰ্যকৰী কৰিব।
কেন্দ্ৰীয় সাহায্যৰ ধৰণ আৰু চৰ্ত
ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰলৈ প্ৰতিশ্ৰুতি দায়বদ্ধতাৰ হস্তান্তৰ
বৰ্তমান প্ৰচলিত নিয়ম মতে এনেকুৱা আঁচনিৰ প্ৰতিশ্ৰুত দায়বদ্ধতাসমূহ ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰসমূহলৈ পিচৰটো পৰিকল্পনাৰ প্ৰথমটো বছৰতে হস্তান্তৰ হয়। যিহেতুকে এই আঁচনিখন ১-৭-২০১২ তাৰিখৰ পৰা প্ৰযোজ্য হোৱা, গতিকে প্ৰতিশ্ৰুত দায়বদ্ধতাটো ১২শ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষৰ ফালে ৰাজ্যিক/কেন্দ্ৰীয় শাসিত চৰকাৰলৈ প্ৰথম বাৰ হস্তান্তৰ হব অৰ্থাত্ ১-৪-২০১৭ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ।
কেন্দ্ৰীয় সাহায্য দাবী আৰু মুকলি কৰা নিয়মসমূহ
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ কেন্দ্ৰীয় সাহায্যখিনি দুটা কিস্তিত মুকলি কৰি দিয়া হব। কেন্দ্ৰীয় সাহায্যৰ প্ৰথম কিস্তিটো যিমান দূৰ সম্ভৱ বছৰৰ দ্বিতীয়টো ত্ৰিমাসিক সময়ছোৱাৰ (এপ্ৰিল-জুন) ভিতৰত তদৰ্থ ভিত্তিত দিয়া হব –যদিহে আগতে দিয়া কেন্দ্ৰীয় সাহায্যখিনি সুকলমে ব্যৱহাৰ কৰিছে। ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় সাহায্যৰ বাবে সম্পূৰ্ণ প্ৰস্তাৱখিনি প্ৰতি বছৰে ৩০ ছেপ্তেম্বৰৰ ভিতৰত পঠাব বুলি আশা কৰা হয়, যিখিনি সেই বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰতে মুকলি কৰি দিয়া হয়, যদিহে সকলো চৰ্ত পূৰণ কৰা হয়। পিছৰ বছৰৰ বাবে দাবী পত্ৰৰ লগত আগৰ বছৰৰ কেন্দ্ৰীয় সাহায্যৰ ব্যৱহাৰিক প্ৰমাণ-পত্ৰৰ লগত এখন হিচাপৰ পৰীক্ষিত বিত্তীয় অৱস্থাৰ বিবৃতি সংলগ্ন কৰি দিব লাগিব। পিছৰ বছৰৰ বাবে অনুদান মুকলি কৰোতে আগৰ বছৰৰ হিচাপ বহিৰ্ভূত বা খৰচ নোহোৱাকৈ থকা (যদিহে আছে) ধনখিনি অভিযোজিত কৰা হব।
- ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে সময় মতে আৰু নিয়াৰিকৈ ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিৰ ধন ডাকঘৰ/বেংকৰ যোগে পাৰিলে মাহিলী ভিত্তিত আদায় দিব পাৰিলে ভাল। কেন্দ্ৰীয় সাহায্য মুকলি নোহোৱা ক্ষেত্ৰত বৃত্তিসমূহ ৰাজ্যিক বাজেটৰ পৰাই ছাত্ৰসকলক আদায় দিব বুলি আশা কৰা যায় –যিটোৰ বিপৰীতে পিছত পৰিশোধৰ বাবে দাবী উত্থাপন কৰিব পাৰি। কিন্তু কোনো পৰিস্থিতিতে কেন্দ্ৰীয় সাহায্য অহাত পলম হোৱা বুলি ছাত্ৰৰ বৃত্তিৰ ধন বন্ধ কৰি থব নোৱাৰি।
নিৰীক্ষণ
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসনে এই আঁচনিত কি কৰিব লাগিব:
- উপভোক্তাৰ তথ্য আৰু এই আঁচনিৰ খৰচৰ বিষয়ে বেলেগকৈ প্ৰস্তুত কৰা প্ৰপত্ৰত ত্ৰৈমাসিক অগ্ৰগতিৰ বিষয়ে নিয়মীয়াকৈ ভাৰত চৰকাৰক প্ৰদান কৰিব লাগে। এই আঁচনিৰ অধীনত দিয়া আৰ্থিক সাহায্যৰ ধন আন কোনো কাৰণত ব্যয় কৰা অনুচিত।
- উপভোক্তাৰ বিষয়ে সংগৃহীত তথ্যসমূহ ইউ.আই.ডি.এ.আই.ৰ লগত এনেকৈ সংযোগ কৰিব লাগে
(ক) আধাৰ নম্বৰ (ইউ.আই.ডি. নম্বৰ) ইয়াত সহযোগ কৰিব পাৰি।
(খ) বৃত্তিৰ ধন জমা কৰিবলৈ বেংক একাউণ্টত ইউ.আই.ডি.এ.আই. যুক্ত বেংক একাউণ্ট ব্যৱহাৰ
(গ) উপভোক্তা চিনাক্তকৰণৰ বাবে ইউ.আই.ডি.এ.আই.ৰ বিশ্বাসযোগ্যতাৰ সেৱা ব্যৱহাৰ কৰা - অনুষ্ঠান ভিত্তিক প্ৰাপকসকলৰ বৃত্তি লাভ কৰিবলৈ সকলো তথ্য সহকাৰে জিলা-ভিত্তিক এন.আই.চি.ৰ ৱেবচাইটত প্ৰদৰ্শন কৰাটো নিশ্চিত কৰা।
- ছাত্ৰৰ বৃত্তি সংক্ৰান্তত অভিযোগ থাকিলে তাক চোৱাচিতাৰ বাবে জিলা আৰু ৰাজ্যিক ভিত্তিত অভিযোগ প্ৰতিবিধানৰ বাবে বিষয়া নিয়োগ।
আঁচনিৰ উপবন্ধ ব্যৱস্থাৰ সালসলনি
ভাৰত চৰকাৰৰ বিবেচনা মতে এই আঁচনিখনৰ ব্যৱস্থা যিকোনো সময়তে সলনি হব পাৰে।