মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

স্বায়ত্ত শাসিত পৰিষদ

  • অসম চৰকাৰে ৰাজ্যখনত গণতান্ত্ৰিকভাৱে শক্তিৰ বিকেন্দ্ৰীকৰণ কৰি অনুসূচীত জনজাতি সম্প্ৰদায়ক টি.এছ.পি. আঁচনিসমূহৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা পৰিকল্পনা, নিৰীক্ষণ আৰু কাৰ্যকৰীকৰণত অংশীদাৰিত্বৰ দ্বাৰা শক্তিমন্ত হৈ অনুসূচীত জনজাতিৰ উন্নয়ন ত্বৰান্বিত কৰি উন্নতিৰ জখলাত বগাবলৈ ৰাষ্ট্ৰীয় পৰিষদ, স্বায়ত্ত শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ ৰাজ্যৰ বিভিন্ন অনুসূচীত জনজাতিৰ মাজত গঠন কৰি দিবলৈ বিভিন্ন পদক্ষেপ লৈছে।

    চৰকাৰে গঠন কৰি দিয়া বিভিন্ন স্বায়ত্ত শাসিত পৰিষদসমূহ এনেকুৱা:

    • ৰাজ্যিক আইনৰ দ্বাৰা পৰিনিয়ত স্বায়ত্ত শাসিত পৰিষদ গঠন।
    • সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ৰাষ্ট্ৰীয় পৰিষদ গঠন।

    ৰাজ্যিক আইনৰ অধীনত পৰিনিয়ত স্বায়ত্ত শাসিত পৰিষদ গঠন

    • ৰাভা-হাচং স্বায়ত্ত পৰিষদ
    • মিচিং স্বায়ত্ত পৰিষদ
    • তিৱা স্বায়ত্ত পৰিষদ
    • দেউৰী স্বায়ত্ত পৰিষদ
    • সোণোৱাল-কছাৰী স্বায়ত্ত পৰিষদ
    • ঠেঙাল-কছাৰী স্বায়ত্ত পৰিষদ

    সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ ৰাষ্ট্ৰীয় পৰিষদ

    • বড়োলেণ্ড ৰাষ্ট্ৰীয় পৰিষদ