৪০শতাংশতকৈ অধিক অনুসূচীত জাতিৰ জনসংখ্যা বসবাস কৰা ১২ খন বাচনি কৰা জৰীপ গাঁৱক আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে অসম চৰকাৰে ২০১৭-১৮বৰ্ষত বাজেট আৱণ্টিত কৰিছে।
লক্ষ্য আৰু উদ্দেশ্যসমূহঃ-
•৪০ শতাংশতকৈ অধিক অনুসূচীত জাতিৰ জনবসতি থকা গাঁৱক আদৰ্শ গাঁও হিচাপে প্ৰতিষ্ঠা কৰি এনে গাঁও সমূহত সংহত উন্নয়ন সুনিশ্চিত কৰা যাতে বাসিন্দা সকলো তেওঁলোকৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নৰ বাবে প্ৰয়োজনীয় বস্তুগত আৰু সামাজিক আন্তঃগাঠনি লাভ কৰিব পাৰে।
•মীন পালন, বয়ন শিল্প, আধুনিক কৃষি পদ্ধতি, উদ্যান কৃষিৰ আদিৰ দৰে প্ৰকল্প ৰূপায়ন কৰি উপাৰ্জন বৃদ্ধিৰ পথ প্ৰদানৰ জৰিয়তে অনুসূচীত জাতিৰ লোক সকলৰ সৱলীকৰণ কৰা।
•এই গাঁও সমূহৰ অনুসূচীত জাতিৰ ৰাইজৰ আৱাস গৃহ সমূহৰ উন্নতি সাধন কৰা আৰু স্বচ্ছ পৰিবেশ গঢ়ি তোলা।
আদৰ্শ গাঁৱৰ দৃষ্টিঃ- আদৰ্শ গাঁও হৈছে পৰ্য্যাপ্ত ৰূপত বস্তুগত আৰু প্ৰতিষ্ঠানিক আন্তঃগাঠনি, যাৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ নূন্যতম প্ৰয়োজন খিনি উপলব্ধ কৰোৱা হয়, যত তেঁওলোকে ঐক্যতা আৰু সম্প্ৰিতীৰে বসবাস কৰিব পাৰে আৰু লগতে পাৰিপাৰ্শ্বিকতা আৰু উন্নয়নশীল তথা ক্ষমতাপূৰ্ণ এখন গাঁৱৰ সৈতেও সহবাস কৰিব পাৰে। এক মৰ্য্যদা সম্পন্ন জীৱন-যাপন কৰিবৰ বাবে এনে গাঁও সমূহক সকলো প্ৰকাৰৰ প্ৰয়োজনীয়তাৰে পৰিপূৰ্ণ কৰি তোলা হয়। অনুসূচীত জাতি অধ্যুষিত এনে বাচনি কৰা জৰীপ গাঁও সমূহত বিভিন্ন প্ৰকল্প/আঁচনি ৰূপায়নৰ বাবে গাঁৱে প্ৰতি ১০০ লাখ টকাকৈ পুঁজি ব্যয় কৰা হব আৰু ৫ লাখ টকাকৈ আকস্মিক ব্যয় হিচাপে ব্যৱহাৰ কৰা হব।(১০০লাখ টকা + ৫লাখ টকা = ১০৫লাখ টকা)
২০১৬-১৭বৰ্ষত তলত উল্লেখ কৰা আদৰ্শ গাঁও আঁচনি সমূহ হাতত লোৱা হৈছিল আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে মঞ্জুৰী প্ৰদান কৰিছিল। বৰ্তমানে চলি থকা কাৰ্য্য সমূহ।
১ | কামৰূপ জিলাৰ হাজো অঞ্চলৰ কৈবৰ্ততলা অনুসূচীত জাতি গাঁৱত মীন পালন
|
২ | বিশ্বনাথ চাৰিআলি জিলাৰ ৰঙচালি অনুসূচীত জাতি গাঁৱত বয়নশিল্প কেন্দ্ৰ
|
৩ | মাজুলী জিলাৰ বৰমুকুলি অনুসূচীত জাতি গাঁৱত মীন পালন
|
৪ | মাজুলী জিলাৰ আমলখিগুৰী অনুসূচীত জাতি গাঁৱত মীন পালন
|
৫ | মাজুলী জিলাৰ অশোকগুৰি দা ধৰা অনুসূচীত জাতি গাঁৱত বয়নশিল্প কেন্দ্ৰ
|
৬ | মৰিগাঁও জিলাৰ জাগিৰোড, উত্তৰ ধৰমতোলৰ বঙালধৰা অনুসূচীত জাতি গাঁৱত এক ষ্টকিং টেংক নিৰ্মাণ
|
৭ | মৰিগাঁও জিলাৰ জাগিৰোড, দক্ষিণ ধৰমতোলৰ বৰবৰি অনুসূচীত জাতিগাঁৱত এক ষ্টকিং টেংক নিৰ্মাণ
|