মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

বিভিন্ন পৰিষদ/সঞ্চালকালয়ৰ গঠন

অসমৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে থকা সঞ্চালকালয়খন ১৯৭৬ চনত প্ৰতিষ্ঠা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে অসমৰ ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়ৰ বিভিন্ন খণ্ডত যেনে শিক্ষা, আন্তঃগাঠনি, আয় বৃদ্ধি আদিৰ হকে কাম কৰা। সঞ্চালকালয়ে পিছপৰা খণ্ডৰ মানুহৰ প্ৰয়োজনীয়তাখিনি চৰকাৰক অৱগত কৰি সূচল কৰিবলৈ মাধ্যম হিচাপে কাম কৰে আৰু লগে লগে এনে চৰকাৰী অনুদানসমূহ ইয়াৰ বিভিন্ন অধীনস্থ কাৰ্যালয়, পৰিষদ, সন্থা আদিৰ সহায়ত কাৰ্যকৰীকৰণ কৰে।

ভৈয়ামৰ বিভিন্ন জিলাত অৱস্থিত অধস্তন কাৰ্যালয়সমূহৰ সহায়ত সঞ্চালকালয়ে কাৰ্য সম্পাদন কৰে। এই অধস্তন কাৰ্যালয়সমূহৰ ২২টা হৈছে সংহত জনজাতি উন্নয়ন প্ৰকল্প কাৰ্যালয় আৰু প্ৰকল্প সঞ্চালক হৈছে ইয়াৰ মুৰব্বী আৰু ৫০টা হৈছে মহকুমা কল্যাণ কাৰ্যালয় আৰু ইয়াৰ মুৰব্বী হৈছে মহকুমা কল্যাণ বিষয়া।

ৰাজ্য আৰু জিলাসমূহত টি.এছ.পি. আঁচনিসমূহৰ সঠিক পৰিকল্পনা কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে নিম্নোল্লেখিত কমিটীসমূহ গঠন কৰে-

  • ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ অনুসূচীত জাতি/অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে ৰাজ্যিক পৰামৰ্শদাতা পৰিদ গঠন কৰা হয়। সকলোবিলাক জনজাতীয়/পিছপৰা সম্প্ৰদায়ৰ সাংসদ, বিধায়ক, জনজাতীয় সংঘৰ অধ্যক্ষ আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ সচিব ডাঙৰীয়া এই ৰাজ্যিক পৰামৰ্শদাতা পৰিষদৰ সদস্য। টি.এছ.পি. আঁচনিসমূহৰ কাৰ্যকৰীকৰণ সঠিকভাৱে ৰূপায়ণ কৰা, পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্যিক পৰামৰ্শদাতা পৰিষদখন বছৰত দুবাৰ লগ হয়।
  • জিলা ভিত্তিক টি.এছ.পি. আঁচনিসমূহৰ সঠিক পৰিকল্পনা ৰূপায়ণ আৰু নিৰীক্ষণ নিশ্চিত কৰিবলৈ অনুসূচীত জনজাতি প্ৰতিনিধিকে ধৰি আই.টি.ডি.পি. প্ৰকল্প ৰূপায়ণৰ বাবে ২২খন আই.টি.ডি.পি. চৰকাৰে গঠন কৰি দিয়ে।
  • অনুসূচীত জনজাতি/অন্যান্য পিছপৰা সম্প্ৰদায়ৰ প্ৰতিনিধি লৈ গঠন কৰা মহকুমা অনুসূচীত জনজাতি/অন্যান্য পিছপৰা সম্প্ৰদায় উন্নয়ন পৰিষদখনে জনজাতি/অন্যান্য পিছপৰা সম্প্ৰদায় অধ্যুষিত মহকুমাত আঁচনিসমূহৰ সঠিক পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণ হোৱাটো নিশ্চিত কৰে।